Thursday, 23 April 2020

প্ৰেমিক চাদৰবোৰ

প্ৰণৱজ্যোতি বৰা

তাই যিবোৰ চাদৰ মেৰিয়াই লয় গাত
প্ৰত্যেকখনেই নিচাসক্ত,
নহ'লেনো কি প্ৰয়োজন কান্ধৰ কাষৰ চেফটি পিনটোৰ?
কিহৰ নিচাত ঢলি পৰিব খোজে বাৰে-বাৰে?
সেই চাদৰবোৰ অবাধ্য ;
মই দেখিছো চাদৰবোৰে তাইৰ কঁ‌কালত সজোৰে সাৱতি ধৰা ।
আৰু সেইখন চাদৰ নিলাজ,
যিখন চাদৰে পানী খাই সেইখন নদীৰ
যিখন নদীয়েদি বৈ যায় তাইৰ প্ৰিয় উন্মাদ বৰষুণৰ টোপালবোৰ,
বুকুৰ সো-মাজেদি ।

নিচাসক্ত, নিলাজ, অবাধ্য হ'লেও
প্ৰত্যেকখন চাদৰেই তাইৰ দুৰ্দান্ত প্ৰেমিক ;
নিজেই গা-পাতি লয় পথৰ ধুলি, তাইৰ গাত চুব নোৱাৰাকৈ,
মূৰ পাতি লয় হিংসাকুৰীয় বেলিটোৰ প্ৰখৰ ৰ’দ,
তাইক পুৰিব নোৱাৰাকৈ,
আৰু কৰ্তব্য পালন কৰি ঢাকি ৰাখে তাইৰ বুকুৰ সেই নিলাজ তিলটো,
যিয়ে জুমি চাব খোজে বাৰে বাৰে ,
লুকাই চোৰকৈ ,
কোন ডেকাৰ দুচকুৱে কথা পাতিব খোজে তাইৰ সতে ৷

অৱশ্যে বৰষুণৰ টোপালবোৰক বাধা নিদিয়ে চাদৰবোৰে
বৈ যোৱাত দেহৰ ভাজে-ভাজে
একো-একোখন শীতল নদী হৈ;
কাৰণ তাই ভাল পায় বৰষুণ,
চাদৰবোৰ নিস্ৱাৰ্থ প্ৰেমিকৰ নিদৰ্শন হ’ব বিচাৰে...

Monday, 20 April 2020

মাজনিশাৰ কবিতা

প্ৰণৱজ্যোতি বৰা

জোনটিয়ে সিঁচি দিয়ে জোনাক
জোনাকে নিস্তব্ধতা
নিস্তব্ধতাই সপোন
আৰু সপোনবোৰে তোমাক...

কোনোবা দিশৰ পৰা অহা বে-আইনী বতাহজাকেও
জগাই দিয়ে হৃদয়ৰ উত্তেজনাবোৰ
মৰমবোৰে পোখা মেলে কলিজা ভেদি
উৰে ৰাতি পৰি থাকো পগলা প্রেমিক হৈ
সপোনবোৰে সিঁচি দিয়া তোমাক সাৱতি..

ইংলিছ্‌ বৰণীয়া ছোৱালীজনী

প্ৰণৱজ্যোতি বৰা

ইংলিছ্বৰণীয়া ছোৱালীজনীৰ হৃদয়খনত
এল্কহলৰ গোন্ধ
নীলা নীলা দুচকুত
নিষিদ্ধ প্ৰেমৰ পোহাৰ
দুটি ওঁঠত বিষাক্ত কেমিকেল
দেহত বগাই ফুৰিছে
তাই আঁকি লোৱা
ডাল ভয়ানক ভাইপাৰ্‌…

কৃত্ৰিমতাৰ জখলা বগাই-বগাই
তাই পাইছেগৈ আধুনিকতাৰ দেশ
তাই যে নাজানে
বতাহো আধুনিক
মাটি, বালি, আকাশো,
তাই নাজানে
তাইৰ বাবেও যে বাট চাই সেঁউজীয়াবোৰে
তাইকো যে জোকাই যায়
গধুলিৰ ঘৰমুৱা চৰাইজাকে,
তাই নাজানে |
কৃত্ৰিমতাবোৰ যে সানিব লাগে
ব্যস্ত থাকে তাই

তাই নাজানে
তাইৰো যে বুকুৰ কোনোবা এচুকত উঠে ঢৌ
ওমলি চাবলে
মাটি, বালি, বতাহৰ সতে;
তাই এদিন বুজিব
কাৰণ উশাহত তাইয়ো লয় অক্সিজেন
তাইৰো সিৰে-সিৰে বৈ আছে একে ৰঙা তেজ,
যিদিনা বুজিব সিদিনা তাইও পিন্ধিব
এখন সেঁউজীয়া চাদৰ
অস্তাচলৰ ৰঙচুৱা বেলিটো চাই হাঁহিব
ঘৰমুৱা চৰাই জাকক হাত বাউলি মাতিব
মদিৰা মদিৰা বুকু ঢাকি পিন্ধিব
কৃত্ৰিমতাই চুব নোৱাৰা
এযোৰ আধুনিক পোছাক

প্ৰেমিক চাদৰবোৰ

✍ প্ৰণৱজ্যোতি বৰা তাই যিবোৰ চাদৰ মেৰিয়াই লয় গাত প্ৰত্যেকখনেই নিচাসক্ত, নহ'লেনো কি প্ৰয়োজন কান্ধৰ কাষৰ চেফটি পিনটোৰ? কিহৰ নিচাত ঢলি পৰিব ...