Thursday, 23 April 2020

প্ৰেমিক চাদৰবোৰ

প্ৰণৱজ্যোতি বৰা

তাই যিবোৰ চাদৰ মেৰিয়াই লয় গাত
প্ৰত্যেকখনেই নিচাসক্ত,
নহ'লেনো কি প্ৰয়োজন কান্ধৰ কাষৰ চেফটি পিনটোৰ?
কিহৰ নিচাত ঢলি পৰিব খোজে বাৰে-বাৰে?
সেই চাদৰবোৰ অবাধ্য ;
মই দেখিছো চাদৰবোৰে তাইৰ কঁ‌কালত সজোৰে সাৱতি ধৰা ।
আৰু সেইখন চাদৰ নিলাজ,
যিখন চাদৰে পানী খাই সেইখন নদীৰ
যিখন নদীয়েদি বৈ যায় তাইৰ প্ৰিয় উন্মাদ বৰষুণৰ টোপালবোৰ,
বুকুৰ সো-মাজেদি ।

নিচাসক্ত, নিলাজ, অবাধ্য হ'লেও
প্ৰত্যেকখন চাদৰেই তাইৰ দুৰ্দান্ত প্ৰেমিক ;
নিজেই গা-পাতি লয় পথৰ ধুলি, তাইৰ গাত চুব নোৱাৰাকৈ,
মূৰ পাতি লয় হিংসাকুৰীয় বেলিটোৰ প্ৰখৰ ৰ’দ,
তাইক পুৰিব নোৱাৰাকৈ,
আৰু কৰ্তব্য পালন কৰি ঢাকি ৰাখে তাইৰ বুকুৰ সেই নিলাজ তিলটো,
যিয়ে জুমি চাব খোজে বাৰে বাৰে ,
লুকাই চোৰকৈ ,
কোন ডেকাৰ দুচকুৱে কথা পাতিব খোজে তাইৰ সতে ৷

অৱশ্যে বৰষুণৰ টোপালবোৰক বাধা নিদিয়ে চাদৰবোৰে
বৈ যোৱাত দেহৰ ভাজে-ভাজে
একো-একোখন শীতল নদী হৈ;
কাৰণ তাই ভাল পায় বৰষুণ,
চাদৰবোৰ নিস্ৱাৰ্থ প্ৰেমিকৰ নিদৰ্শন হ’ব বিচাৰে...

Monday, 20 April 2020

মাজনিশাৰ কবিতা

প্ৰণৱজ্যোতি বৰা

জোনটিয়ে সিঁচি দিয়ে জোনাক
জোনাকে নিস্তব্ধতা
নিস্তব্ধতাই সপোন
আৰু সপোনবোৰে তোমাক...

কোনোবা দিশৰ পৰা অহা বে-আইনী বতাহজাকেও
জগাই দিয়ে হৃদয়ৰ উত্তেজনাবোৰ
মৰমবোৰে পোখা মেলে কলিজা ভেদি
উৰে ৰাতি পৰি থাকো পগলা প্রেমিক হৈ
সপোনবোৰে সিঁচি দিয়া তোমাক সাৱতি..

ইংলিছ্‌ বৰণীয়া ছোৱালীজনী

প্ৰণৱজ্যোতি বৰা

ইংলিছ্বৰণীয়া ছোৱালীজনীৰ হৃদয়খনত
এল্কহলৰ গোন্ধ
নীলা নীলা দুচকুত
নিষিদ্ধ প্ৰেমৰ পোহাৰ
দুটি ওঁঠত বিষাক্ত কেমিকেল
দেহত বগাই ফুৰিছে
তাই আঁকি লোৱা
ডাল ভয়ানক ভাইপাৰ্‌…

কৃত্ৰিমতাৰ জখলা বগাই-বগাই
তাই পাইছেগৈ আধুনিকতাৰ দেশ
তাই যে নাজানে
বতাহো আধুনিক
মাটি, বালি, আকাশো,
তাই নাজানে
তাইৰ বাবেও যে বাট চাই সেঁউজীয়াবোৰে
তাইকো যে জোকাই যায়
গধুলিৰ ঘৰমুৱা চৰাইজাকে,
তাই নাজানে |
কৃত্ৰিমতাবোৰ যে সানিব লাগে
ব্যস্ত থাকে তাই

তাই নাজানে
তাইৰো যে বুকুৰ কোনোবা এচুকত উঠে ঢৌ
ওমলি চাবলে
মাটি, বালি, বতাহৰ সতে;
তাই এদিন বুজিব
কাৰণ উশাহত তাইয়ো লয় অক্সিজেন
তাইৰো সিৰে-সিৰে বৈ আছে একে ৰঙা তেজ,
যিদিনা বুজিব সিদিনা তাইও পিন্ধিব
এখন সেঁউজীয়া চাদৰ
অস্তাচলৰ ৰঙচুৱা বেলিটো চাই হাঁহিব
ঘৰমুৱা চৰাই জাকক হাত বাউলি মাতিব
মদিৰা মদিৰা বুকু ঢাকি পিন্ধিব
কৃত্ৰিমতাই চুব নোৱাৰা
এযোৰ আধুনিক পোছাক

Monday, 18 November 2019

চহৰীয়া উষ্ণতা প্রদূষণৰ উৎস,
এদিন তুমি কান্দিবা
পুৰণিবোৰ বিচাৰি;
পথাৰবোৰ বিচাৰি দৌৰিবা মাথো দৌৰিবা
চহৰৰ ৰাজপথত,
তথাপি উজুতি খাই নপৰিবা এবাৰ নৰাৰ জোঁটত;
ভাগৰি পৰিবা তুমি পুৰণিবোৰ বিচাৰি
চহৰ সভ্যতাৰ ডাষ্টবিনত উচুপিব
তোমাৰ অযুত শৈশৱৰ ধেমালি...

তাই মোক আধুনিক হ'বলৈ শিকাইছিল

প্ৰণৱজ্যোতি বৰা

তাই মোক আধুনিক হ'বলৈ শিকাইছিল;
আধুনিকতাৰ ঢৌৰ সৈতে তাই খেলিছিল,
আৰু মোকো শিকাইছিল খেলিবলে...
আৰু সেই ঢৌবোৰত উটি-ভাঁহি মই আঁতৰি গৈছিলো
মোৰ সহজ-সৰল নিজৰে পৰা।

মই জানিছিলো মই সলনি হৈছো...
মই জানিছিলো মই ভাল কৰা নাই...
হ'লেও মই বহু কষ্ট কৰিছিলো
তাই বিচৰাৰ দৰে হ'বলৈ।

কবিতাৰ পংতিবোৰ পাহৰিবলৈ চেষ্টা কৰিছিলো
আদৰি লৈছিলো ভেঙ্গাবয়জ আৰু লিংকিং পার্ক,
উৰণীৰ আঁৰৰ অলকানন্দাজনী আঁতৰাই
সাৱতি লৈছিলো বুকুৰ মাজত
ক্রিষ্টেন আৰু চেলেনা...

হৃদয়ৰ কোঠালিটো নতুনকৈ সজাইছিলো
তাইৰ বাবে,তাই বিচৰাধৰণে,
নতুন হৈ পৰিছিলো মই এক নতুন দুনিয়াত...
নৈৰ পাৰৰ পৰা আঁতৰি গৈছিলো চি-বিচ্চলৈ
আৰু বুঢ়ি আইৰ সাধুৰ পৰা নীলাছবিৰ জগতলৈ।

মই হৈ পৰিছিলো তাই বিচৰা বিচৰাধৰণৰ
একেবাৰে আধুনিক...
পিছে হৃদয়খন ডুবাব নোৱাৰিলো
আধুনিকতাৰ সেই আধুনিক সাগৰত,
সেইবাবেই হয়তো সেউজীয়া দেখিলে
আপোনা-আপোনি আঁজুৰি আনে মোৰ হাতদুখনে
মই পিন্ধি থকা ছানগ্লাছযোৰ,
মই নজনাকৈয়ে মোদ খাই যায়
মোৰ চকুৰ পতা...
আৰু পাহরি যাও
মই যে তাইৰ বাবে সলনি হ'ব লাগিব...

Saturday, 27 July 2019

বৰষুণজাকলৈ হিংসা লাগে

প্ৰণৱজ্যোতি বৰা

বৰষুণজাকলৈ হিংসা লাগে;
তুমি যে বাধা নিদিয়া বৰষুণজাকক
তোমাৰ বুকুৰ মাজত চুমা দিবলৈ...

আনবোৰৰ দৰে তুমিও কিয় মেলি নিদিয়া এটি ফুলাম ছাতি
বৰষুণজাকক বাধা দিবলৈ?
জ্বলি শেষ হৈ যাওক টোপালবোৰ
তোমাৰ নিষ্ঠুৰতাত...
মই অন্ততঃ তাকেই বিচাৰো...
মই বৰষুণজাকক হিংসা কৰো...

Friday, 17 May 2019

অবাট

প্ৰণৱজ্যোতি বৰা

এই বাটেৰে নাযাবা
কিছুদুৰ নিলগত হেৰাই যোৱাৰ গাওঁ,
বাসিন্দা বোৰৰ নাই নিজা ঠিকনা
আনৰ ঠিকনা বুকুত সাবতি
বাহৰ পাতে বিষাদৰ পিয়ল নোহোৱা জুপুৰিবোৰত,
এটা ষ্ট অফিচ নাই
হৃদয়ৰ খবৰবোৰো পথাব নোৱাৰিবা আপোনজনলৈ
পিন নাম্বাৰৰ ঠাইত
শূণ্যশূণ্যশূণ্য

এৰাল লগোৱা মোৰ হৃদয়খন

প্ৰণৱজ্যোতি বৰা



হৃদয়খন এৰাল দি থৈছো,
তোমাৰ মৰম নদীৰ ঘাটলে গৈ
তৃষ্ণা পূৰাব নোৱাৰাকৈ।

এডাল দীঘল পঘা,
নিষ্ঠুৰতাৰ পঘা,
সঁচাকৈ বৰ কষ্ট দিছো
নিজৰেই হৃদয়খনক।

এৰাল চিঙিও যাব খোজে কেতিয়াবা,
তেতিয়া আকৌ সোধাই দিওঁ
যন্ত্রণাৰ খুঁটিটোত
কেইটামান কুঠাৰৰ কোব,
আহ্, কি আর্তনাদ!
কঁপাই তোলে
মোৰ কলিজাৰ ঘাহঁনি ডৰা।


তুমি যদি নক’লাহেঁতেন,
“মোৰ হৃদয়খনে তৃষ্ণাপূৰালে
প্রদূষিত হয়
তোমাৰ মৰম নদীৰ
নির্মল বোৱতী পানী”
খুলি দিলোহেঁতেন
আপদীয়া এৰালডাল;
থাকক এতিয়া,
স্থিৰতা হেৰোৱালে
পঘাৰ চিপ লাগি মৰিব।

                              

Tuesday, 23 October 2018

মমৰ শিখাত তোমাৰ ছবি

প্ৰণৱজ্যোতি বৰা

মমৰ শিখাৰ উজ্জলতা
তোমাৰ বুকুৰ উমাল পৰশৰ ভাৱনা সাৱতি
হেৰোৱাই পেলাইছো
নিজকে নিস্তব্ধতাৰ মাজত...

মমৰ শিখাতিও যাদুকৰী
তোমাৰ চুলিটাৰি হৈ
আউলী-বাউলী হৈছে মোৰ নিস্বাশৰ সৈতে;
মোৰ প্রেমৰ উচ্চাৰণত
হালি-জালি নাচিছে যাদুকৰি শিখা...

আন্ধাৰৰ ফাঁকে-ফাঁকে অহা
ফেঁচাজনীৰ নিউ-নিউ বোৰে
প্রাণ দিছে নিশাৰ নিস্তব্ধতাক
দুগোণে বাঢ়িছে মোৰ বুকুৰ ধপ্-ধপনি
সমান্তৰালকৈ হৃদয়ৰ বিহফোঁহা...


জীবন্ত হৈ উঠিছা তুমি
শিখাটিৰ বক্ষত,
কল্পনাৰ সাগৰত ঢৌ তুলি আহিছা,
যাচিব খুজিছা পুণৰ হেৰোৱাবোৰ,
মোৰ ভাবনাৰ ৰেলগাড়ীত কয়লা ঢালিছা
ঝক্-ঝক্ শব্দেৰে ধাৱমান হৈছে
অতীতৰ পিনে...
মমৰ শিখাটিত স্মৃতিৰ মাজতে ফুটি উঠিছা তুমি,
মোৰ উঁঠদুটিৰ বাস্তবতাত জুই লাগিছে,
চুমা দিলে জলি শেষ সকলো...


Friday, 6 July 2018

তাইৰ বুকুৰ নিলাজ তিলটো

                                                                                      ~ প্ৰণৱজ্যোতি বৰা


দুপাত্তাৰ আঁৰতো লুকাব নুখোজা
তাইৰ বুকুৰ নিলাজ তিলটো,
যি মোৰ টোপনিৰ একমাত্ৰ শত্ৰু
দিয়া যাওক তাৰ বিৰুদ্ধে এখন এজাহাৰ
মোৰ টোপনি হৰাৰ প্ৰতিবাদত

তাইৰ বুকুৰ নিলাজ তিলটো
আৰু কিমান সহিম তোৰ এই উদ্ভন্দালি ?
তাইৰ বুকুত চুমি চুমি মোৰ বুকু জ্বলাই মৰাৰ
তোৰ এই গুপুত অভিসন্ধি ?

তাইৰ বুকুৰ উমখিনি, যি মোৰ অধিকাৰ
বে-আইনীভাৱে হস্তগত কৰ তই
মোৰ দুটি ওঁঠৰ কম্পনক কৰি ভেঙুচালি
বে-আইনীভৱে চুমা দি বহি থাক গপত গংগাটোপ হৈ
তাইৰ বুকুৰ দুপাত্তাৰ আঁৰত,
হিংসা লাগে তোলৈ
তাই যে ইমান আথে-বেথে ৰাখে তোক
তাইৰ বুকুৰ মাজত


                                               

প্ৰেমিক চাদৰবোৰ

✍ প্ৰণৱজ্যোতি বৰা তাই যিবোৰ চাদৰ মেৰিয়াই লয় গাত প্ৰত্যেকখনেই নিচাসক্ত, নহ'লেনো কি প্ৰয়োজন কান্ধৰ কাষৰ চেফটি পিনটোৰ? কিহৰ নিচাত ঢলি পৰিব ...