✍প্ৰণৱজ্যোতি বৰা
এই বাটেৰে নাযাবা
এই বাটেৰে নাযাবা
কিছুদুৰ নিলগত হেৰাই যোৱাৰ গাওঁ,
বাসিন্দা বোৰৰ নাই নিজা ঠিকনা
আনৰ ঠিকনা বুকুত সাবতি
বাহৰ পাতে বিষাদৰ পিয়ল নোহোৱা জুপুৰিবোৰত,
এটা প’ষ্ট অফিচ নাই
হৃদয়ৰ খবৰবোৰো পথাব নোৱাৰিবা আপোনজনলৈ
পিন নাম্বাৰৰ ঠাইত
শূণ্য…শূণ্য…শূণ্য…
No comments:
Post a Comment