
তেওঁৰ সপোন নহয়
সুউচ্চ অট্টালিকা বা বিলাসী মার্চিডিজ
তেওঁৰ সপোন এহাল নিপুতল বলদ
এটি নাঙল আৰু এমুঠি সেউজীয়া।
তেৱেঁই সেইজন যাৰ দুবাহুৰ অসীম শক্তিত
তেৱেঁই সেইজন যাৰ দুবাহুৰ অসীম শক্তিত
অলঙ্কৃত হয় ধৰাৰ বুকু,
যাৰ পৰশত সৃষ্টি হয় সমাজ চলাৰ ইন্ধন,
যাৰ কষ্টত নির্ভৰশীল দেশৰ উন্নয়নৰ সুত্র,
আৰু তেৱেঁই সেইজন
গিজ-গিজকৈ গজালি মেলে
ডকাইতী,দালালৰ অযুত বংশ..
তেওঁ নিবিচাৰে তেওঁৰ পিছে-পিছে
লানি নিচিগা জন সমুদ্র
নাইবা তেওঁক প্রয়োজন নাই
অত্যাধুনিক অস্ত্রধাৰী দেহৰক্ষী
তথাপি তেওঁ নিমজ্জিত নিস্বার্থভাবে
যোগাই যোৱাত দেশ চলাৰ ইন্ধন।
~ প্রণৱজ্যোতি বৰা
~ প্রণৱজ্যোতি বৰা
No comments:
Post a Comment